|
Secretary Message (Assamese)
Secretary Message (English)
|
|
সম্পাদকীয় বাৰ্তা, বিহু, অসমীয়া সংস্কৃতিৰ আত্মা, আজি সীমা পাৰ হৈ বিশ্বজুৰি বিভিন্ন সমাজৰ দ্বাৰা আলিঙ্গন কৰা হৈছে। একতা, আনন্দ আৰু পৰম্পৰাৰ এই উৎসৱ এতিয়া কেৱল অসমৰ ভিতৰতে সীমিত নহয়, ই বিশ্বৰ বহুতো জনগোষ্ঠীৰ হৃদয়ত প্ৰতিধ্বনিত হৈছে। সাংস্কৃতিক আদান-প্ৰদান, আন্তৰ্জাতিক প্ৰদর্শনী আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে বিহুৱে বিশ্বমঞ্চত স্থান লাভ কৰিছে, অসমীয়া প্ৰবাসীসকলৰ লগতে লোকসংস্কৃতি প্ৰেমীসকলকো একত্ৰিত কৰি তুলিছে। এই বিশ্বায়নৰ যাত্ৰাত এক অপূৰ্ব গৌৰৱৰ ক্ষণ আছিল যেতিয়া ২০২৩ চনত আমাৰ বাপতিসাহোন বিহুৱে গৌৰৱজনকভাৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল। এই সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শনত ১১,০০০তকৈ অধিক বিহু নাচনী (নৃত্যশিল্পী) আৰু ঢুলীয়া (ঢোলোবাদক) একেলগ হৈ বিহুৰ বৈভৱ আৰু পৰম্পৰা বিশ্বৰ আগত উদ্ভাসিত কৰিছিল। এই বৃহৎ সফলতাই বিহুক অসমীয়া জাতিসত্তাৰ এক উজ্জ্বল প্ৰতীক হিচাপে পুনৰ প্ৰতিষ্ঠিত কৰিলে আৰু বিশ্বমঞ্চত ইয়াৰ বৃদ্ধি পোৱা প্ৰভাৱক স্পষ্টভাৱে প্ৰতিস্থাপন কৰিলে। যিহেতু আমি স্থানীয় উদযাপনৰ পৰা এক বিশ্বব্যাপী পৰিঘটনালৈ বিহুৰ এই সুন্দৰ যাত্ৰাৰ সাক্ষী হৈছো, আহক, আমি বিহুৰ মৌলিকতা সংৰক্ষণ কৰি বিহুৰ উজ্জ্বলতা বিশ্বৰ আগত বিয়পাই দিও।সেইবাবেই ইয়াৰ দ্বাৰা,আমি সকলোকে এই সমৃদ্ধ ঐতিহ্য উদযাপন কৰিবলৈ আৰু বিহুক সাংস্কৃতিক একতা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে প্রতিষ্ঠিত কৰিবলৈ আমন্ত্ৰণ জনাইছো। Secretary, Piya-Exotica Rongali Bihu Utsav-2025 Udjapan Committee Mob:+91-86384 41730 email:secretary@piyaexoticabihu.in |
|
Message from the Secretary, Bihu, the soul of Assamese culture, has transcended borders and is now embraced by communities worldwide. This festival, which celebrates the spirit of unity, joy, and tradition, has evolved beyond Assam, resonating with people across continents. Through cultural exchanges, international performances, and digital platforms, Bihu has found a global stage, connecting the Assamese diaspora and admirers of folk traditions alike. A moment of immense pride in this globalisation journey was the historic achievement in 2023 when Assam entered the Guinness World Record for the largest Bihu dance performance. Over 11,000 Bihu Nasoni (Dancers) and Dhulia (Drummers) came together to showcase the vibrant tradition of Bihu, making history and bringing global recognition to this cultural treasure. This milestone reaffirmed the significance of Bihu as a symbol of Assamese identity and its growing influence on the world stage. As we witness this beautiful journey of Bihu from local celebrations to a global phenomenon, let us continue to preserve its essence while sharing its vibrancy with the world. We invite everyone to join us in celebrating this rich heritage and making Bihu a symbol of cultural harmony and togetherness. Secretary, Piya-Exotica Rongali Bihu Utsav-2025 Udjapan Committee Mob:+91-86384 41730 email:secretary@piyaexoticabihu.in |




